– আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ
নতুন দিল্লী, ০৩ জানুৱাৰী (হি.স.)। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰমণৰ ঘটনা অব্যাহত আছে। শেহতীয়াকৈ এই সংক্ৰমণ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি বুধবাৰে সদৰি কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৬০২ জন লোক আক্ৰান্ত হৈছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘন্টাত কেৱল কেৰালাতে ২১৪ জন নতুন ৰোগী ধৰা পৰিছে। ইফালে ভাৰতত কৰোনাত নতুনকৈ পাঁচজন লোকৰ মৃত্যু তথ্য সন্নিবিষ্ট হৈছে। আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৪.৪৪ কোটিৰো অধিক আক্ৰান্তই। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ হৈছেগৈ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি আজি বুধবাৰে পুৱা ৮ বজালৈ সুস্থ হৈ উঠিছে ৪,৪৪,৭৭,২৭২ জন লোক। বিগত ২৪ ঘন্টাত সুস্থ হয় ৭২২ জন লোক। ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৩৭১ জন(১.১৯ শতাংশ)লৈ বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৪৪৪০ জন। যিটো মুঠ সংক্ৰমণৰ ০.০১ শতাংশ।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
