
গোলাঘাট, ০৩ নৱেম্বৰ (হি.স.): যুৱ প্ৰজন্মক ধ্বংসৰ পথলৈ কঢ়িয়াই নিয়া মাৰাত্মক ড্ৰাগছৰ’ বিৰুদ্ধে এইবাৰ ওলাই আহিল মহিলাসকল। গোলাঘাট চহৰৰ অলিয়ে গলিয়ে এতিয়া সহজলভ্য হৈ পৰিছ ড্ৰাগছ। চকুৰ আগত এনে ড্ৰাগছৰ ব্যৱহাৰ দেখি ওলাই আহিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়া মহিলা পৰিষদ।
ড্ৰাগছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মহিলা তথা মাতৃ সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে গোলাঘাটৰ আমছু খিলঞ্জীয়া মহিলা পৰিষদে গোলাঘাট মৈত্ৰী সংঘত এক ড্ৰাগছ বিৰোধী যোৱা কালি দেওবাৰে বিয়লি সজাগতা সভা অনুষ্ঠিত কৰে। সভাৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তিসকলক গামোচা আৰু একোটাকৈ নাহৰ পুলিৰে সম্বন্ধনা জনোৱাৰ লগতে শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি জ্বলাই আৰু মায়াবিনী ৰাতিৰ বুকুত গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
গোলাঘাট আমছু ‘খিলঞ্জীয়া’ মহিলা সমিতিৰ সভানেত্ৰী কাবেৰী শইকীয়া হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে ৰাইজৰ আগত বক্তব্য আগবঢ়ায়। উক্ত সভাত আমছু কেন্দ্ৰীয় সমিতিৰ সভাপতি ইচাদ হুছেইন, কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি নুৰুল আলি, সাহিতিক তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, জ্যেষ্ঠ সাংবাদিক তথা অসম সাহিত্য সভাৰ সহকাৰী সাধাৰণ সম্পাদক দিগন্ত ভূঞা সাংবাদিক মুস্তাক হুছেইন, গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈ, গোলাঘাট নিচা মুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰ ভাস্কৰ জ্যোতি গগৈ, অধিবক্তা ৰিতুপল্লব শইকীয়া, নিট ফাউণ্ডেচনৰ সত্যম বৰকটকী, আমছু খিলঞ্জীয়া গোলাঘাট জিলা সমিতিৰ সভাপতি চৈয়দ নজৰুল জামান, শিক্ষয়ত্তী সন্দিকৈ, গোলাঘাট জিলা আমছু খিলঞ্জীয়া ৰ সম্পাদিকা চেহনাজ চুলতানা, উপ সভানেত্ৰী নাজিৰা বেগম আৰু বিষয়ববীয়া সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
