






–অগ্নিগড় – চিত্ৰলেখা উদ্যানত পাৰ ভঙা উছাহ
–দৰং মহাবিদ্যালয়ৰ অধ্যক্ষৰ নেতৃত্বত শিক্ষক – কৰ্মচাৰীয়ে গীত – নৃত্য, আবৃত্তিৰ মাজত পাৰ কৰিলে নৱপ্ৰভাত শিশু গৃহত
শোণিতপুৰ, ০১ জানুৱাৰী (হি স)। ইংৰাজী নৱ বৰ্ষৰ পহিলা দিনটোত আজি পুৱাৰ পৰা তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ, ভৈৰৱী মন্দিৰ, গণেশ ঘাটৰ গণেশ মন্দিৰ, হলেশ্বৰ মন্দিৰকে ধৰি প্ৰায় সমূহ মঠ মন্দিৰত ৰাইজৰ বিপুল সমাগম হোৱাৰ লগতে অগ্নিগড় উদ্যান, চিত্ৰলেখা উদ্যান, বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিৰ সমন্বয় ক্ষেত্ৰ, গণেশ ঘাট, ঔগুৰি পাহাৰ, দেৱী সিং ঘাট, দ পৰ্বতীয়াৰ শৈল দ্বাৰ আদিত হাজাৰ হাজাৰ দৰ্শক পৰিলক্ষিত হয়।
মন্দিৰ সমূহত ধূপ চাকি, নৈবেদ্য আগবঢ়াই পৰিয়ালৰ লগতে দেশৰ কল্যাণ কামনা কৰে সকলোৱে। আগন্তুক বৰ্ষটি যাতে নিজৰ পৰিয়ালৰ লগতে সকলোৰে বাবে কল্যাণময় হয় তাৰ কামনা কৰা পৰিলক্ষিত হয় ভক্তপ্ৰাণ ৰাইজৰ মাজত। একেদৰে বছৰটোৰ কৰ্ম ব্যস্ততাৰ পৰা কিছু মানসিক প্ৰশান্তি কামনা কৰি পৰিয়ালৰ সন্তানসকলক লগত লৈ উদ্যান আদি মুকলি মনেৰে আনন্দ স্ফুৰ্তিৰে পাৰ বহু লোকে হোটেল – ৰেষ্টোৰা, ধাবা আদিত দিনৰ আহাৰৰ বাবে ভীৰ কৰা পৰিলক্ষিত হয়। আনহাতে প্ৰতি বছৰৰ দৰে এইবেলিও দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে কৰ্মচাৰী সকলে আজি নৱ-প্ৰভাত শিশু গৃহলৈ গৈ শিশু সকলক ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে শিশু সকলৰ প্ৰয়োজনীয় কিছু সামগ্ৰী প্ৰদান কৰি তেওঁলোকৰ লগত কিছু সময় হাঁহি – ধেমালিৰে অতিবাহিত কৰে। গীত কবিতা নৃত্য মুখৰিত সময় খিনিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশ মণি শইকীয়াৰ লগতে বিভিন্ন জনে শিশু সকলৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰাৰ লগতে শিশু গৃহটিৰ সঞ্চালিকা তৃষ্ণামণি লস্কৰ শইকিয়া এনে এটা মহৎ কাৰ্যৰ সৈতে জড়িত হৈ অনাথ শিশুসকলৰ জীৱনত পোহৰ বিলোৱাত্ত সকলোৱে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ
