শোণিতপুৰ, ০৪ ডিছেম্বৰ (হি.স.)। তেজপুৰৰ বাসন্তী পুৰত যুৱক যুৱতী আৰু চেমনীয়া সকলৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা ৰাসৰ সফল সমাপ্তি ঘটিছে ৷ জ্যেষ্ঠ সকলৰ দিহা পৰামৰ্শ অনুসৰি, গুৰুজনাৰ এই সৃষ্টিক নিজা অঞ্চলত সন্মিলিত প্ৰচেষ্টাৰে প্ৰদৰ্শন কৰে চেমনীয়া সকলে ৷
উল্লেখযোগ্য যে, প্ৰায় মাহজোৰা আখৰা আৰু প্ৰস্তুতিৰ অন্তত যোৱানিশা সফল সমাপ্তি ঘটা বাসন্তীপুৰ ৰাস উৎসৱৰ শ্ৰীকৃষ্ণৰ ভাওত দীপাংকৰ বৰা, প্ৰথম নিশাৰ ৰাধাৰ ভাওত হিমাশ্ৰীয়ে আৰু দ্বিতীয় নিশা সুস্মিতা ভট্টাচাৰ্যই তথা শংখচূড়ৰ ভাওত নিৰঞ্জন ৰাজকটকীয়ে অভিনয় কৰে৷ কেলিগোপাল নাটৰে মূল মহাৰাসৰ পূৰ্বে প্ৰথম নিশা শিশু কৃঞ্চৰ লীলা তথা দশাবতাৰ পৰিৱেশন কৰা হয়৷পুতনাৰ ভাওত অভিনয় কৰে মামনি ৰাজবংশীয়ে ৷ উল্লেখযোগ্য যে,তেজপুৰৰ মুঢ়াতেতেলী অঞ্চলৰ সমীপৰ বাসন্তীপুৰৰ পথাৰত আয়োজিত এই ৰাস মহোৎসৱ উপলক্ষে তেজপুৰৰ এগৰাকী অভিজ্ঞ বায়ন ঐতিহ্যমণ্ডিত দপৰ্বতীয়াৰ দিলীপ বড়াই এইসকল উৎসাহী যুৱক যুৱতী তথা চেমনীয়াক ৰাসৰ নৃত্য তথা অভিনয় সকলো দিশ শিকাই বুজাই উপযুক্ত কৰি তোলে ৷
ৰাইজৰ মাজত মইনা নামৰে অধিক পৰিচিত বায়ন জনৰ পৰিচালনাত পৰিৱেশিত বাসন্তীপুৰ ৰাস মহোৎসৱত আন এজন প্ৰবীন ভাৱৰীয়া যাদৱ নাথে সূত্ৰধাৰীৰ ভূমিকা পালন কৰে৷ সহস্ৰাধিক দৰ্শকে শেষ পৰ্যন্ত ৰাস উপভোগ কৰে৷বৃন্দাবনৰ দৃষ্টিনন্দন ৰূপ, আকৰ্ষণীয় আলোকসম্পাতৰ লগতে যুৱ চামৰ অভিনয়ে এইখন মহাৰাস উপভোগ্য কৰি তোলে ৷
হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ
