নতুন দিল্লী, ২৬ জুলাই (হি.স.)। ইণ্টাৰ মিয়ামিৰ তাৰকা খেলুৱৈ লিয়নেল মেছি আৰু জৰ্ডি আলবাক মেজৰ লীগ ছকাৰে (এম এল এছ) এখনকৈ মেচৰ বাবে নিলম্বন কৰিছে। এই সিদ্ধান্ত লোৱা হৈছে দুয়োগৰাকী খেলুৱৈয়ে এইবাৰৰ এম এল এছ অল ষ্টাৰ গেমত অংশগ্ৰহণ নকৰাৰ বাবে।
এতিয়া এই দুয়োজন খেলুৱৈয়ে এফ চি চিনচিনাটিৰ বিৰুদ্ধে মিয়ামীৰ পৰৱৰ্তী লীগ মেচত খেলিব নোৱাৰিব।
শুকুৰবাৰে এম এল এছে প্ৰকাশ কৰা এক বিবৃতিত কয় যে, লীগৰ নিয়ম অনুসৰি যিকোনো খেলুৱৈয়ে পূৰ্বৰ অনুমোদন অবিহনে অল ষ্টাৰ গেমত অংশগ্ৰহণ নকৰে, তেওঁ নিজৰ ক্লাবৰ পৰৱৰ্তী প্ৰতিযোগিতাত খেলাৰ অযোগ্য। এম এল এছৰ আয়ুক্ত ডন গাৰ্বাৰে কয়, মই জানো যে লিয়নেল মেছিয়ে এই লীগখনক কিমান ভাল পায়। মই নাভাবো যে কোনো খেলুৱৈয়ে – বা আন কোনোৱেই – মেছিতকৈ মেজৰ লীগ ছকাৰত অধিক অৰিহণা যোগাইছে। মই ইণ্টাৰ মিয়ামিৰ প্ৰতি তেওঁৰ সমৰ্পণক সম্পূৰ্ণৰূপে বুজি পাওঁ আৰু সন্মান কৰো। কিন্তু অল ষ্টাৰ গেমত অংশগ্ৰহণৰ সন্দৰ্ভত আমাৰ এটা পুৰণি নীতি আছে আৰু আমি ইয়াক মানি চলিবলগীয়া হৈছিল। এইটো এটা অতি কঠিন সিদ্ধান্ত আছিল।
তেওঁ আৰু কয়, অৱশ্যে আমি এই নীতি পুনৰীক্ষণ কৰিবলৈ ওলাইছো। মই খেলুৱৈসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি এই নিয়ম কেনেকৈ অধিক বিকশিত কৰিব পাৰি সেই বিষয়ে সিদ্ধান্ত ল’ম।
মন কৰিবলগীয়া যে মেছি আৰু আলবা দুয়োজনকে অনুৰাগী আৰু সংবাদ মাধ্যমে এম এল এছ অল ষ্টাৰ মেচখনৰ বাবে নিৰ্বাচিত কৰিছিল যদিও লিগা এম এক্স অল ষ্টাৰছৰ বিৰুদ্ধে খেলা মেচখনত দুয়োজনে অংশগ্ৰহণ কৰা নাছিল, য’ত এম এল এছ অল ষ্টাৰ দলটোৱে ৩-১ গ’লত জয়লাভ কৰিছিল।
যোৱা বছৰো মেছিয়ে আঘাতৰ বাবে অল ষ্টাৰ গেমত অংশগ্ৰহণ কৰা নাছিল। বৰ্তমান ইষ্টাৰ্ণ কনফাৰেন্সৰ ৰেংকিঙত পঞ্চম স্থানত থকা ইণ্টাৰ মিয়ামীয়ে শনিবাৰে নিশা ফ’ৰ্ট ল’ডাৰডেলৰ চেজ ষ্টেডিয়ামত প্ৰথম স্থানৰ এফ চি চিনচিনাটিক আদৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
