ওদালগুৰি, ৩১ জানুৱাৰী : গণতন্ত্ৰৰ চতুর্থ স্তম্ভ বুলি কোৱা সাংবাদিক সকলক চৰকাৰে ৬০ৰ উৰ্ধত সাংবাদিক সকলক সাংবাদিক পেঞ্চন এই বেলি অসম চৰকাৰে বন্ধ কৰাত পুনৰ সাংবাদিক পেঞ্চন বাহাল ৰাখিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ দাবী জনাইছে । ওদালগুৰি জিলা আয়ুক্তৰ সভা কক্ষত সাংবাদিক সকললৈ মুখ্যমন্ত্রীয়ে আগবঢ়োৱা উপহাৰ আযুক্তৰ পৰা সাদৰে গ্ৰহন কৰি এই দাবী উত্থাপন কৰে জিলাৰ সাংবাদিক সকলে ।
উল্লেখ্য় যে ২৪×৭ ঘন্টা কাম কৰা এই সকল সাংবাদিকৰ নিজৰ জীৱন সমাজ জীৱনৰ প্ৰতিটো স্তৰতে অতন্ত প্ৰহৰী হিচাবে থিয় দিয়া সাংবাদিকসকলে বৃদ্ধ কালত বঞ্চিত নকৰিবলৈ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীক দাবী জনায় ।
