
মাজুলী, ০১ জানুৱাৰী (হি.স.): নদীদ্বীপ মাজুলীত প্ৰচণ্ড শীতৰ প্ৰকোপ অনুভূত হৈছে । শীতৰ বাবেই ৫ জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰা হ’ল মাজুলী জিলাৰ বিদ্যালয়সমূহ । ৰাজ্যজুৰি চলি থকা প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই বিশেষ সিদ্ধান্ত। জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ কথা চিন্তা কৰি আজি পৰা অৰ্থাৎ ১ জানুৱাৰী, ২০২৬ৰ পৰা ৫ জানুৱাৰী, ২০২৬ লৈকে মাজুলীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে।
মাজুলী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক লিপিকা বুঢ়াগোহাঁইয়ে এক নিৰ্দেশনা যোগে এই কথা সদৰী কৰিছে যদিও বিদ্যালয়সমূহৰ পাঠদান বন্ধ থাকিব, কিন্তু দশম শ্ৰেণীৰ চলি থকা প্ৰাক-চূড়ান্ত পৰীক্ষা (Pre-Final Exam) আৰু দ্বাদশ শ্ৰেণীৰ পৰ্যালোচনা পৰীক্ষা (Revisionary Test) পূৰ্বৰ নিৰ্দ্ধাৰিত সূচী অনুসাৰেই অনুষ্ঠিত হ’ব। পৰীক্ষাৰ্থীসকলক এই লৈ বিভ্ৰান্ত নহ’বলৈ অনুৰোধ জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
