
কোকৰাঝাৰ, ১৭ অক্টোবৰ (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ শক্তিআশ্ৰমত বাল্য বিবাহ বন্ধ কৰাৰ দাবীত সমদল বাহিৰ কৰা হয়। স্বস্তি সেচ্ছাসেবী সংগঠনৰ লগতে ফকিৰাগ্ৰাম আৰক্ষী, গাঁওৰক্ষী বাহিনী আৰু মহিলা সমিতিৰ উদ্যোগত এই সমদল ।
কোকৰাঝাৰ জিলাৰ অধিন শক্তিআশ্ৰমত বাল্য বিবাহ বন্ধ কৰাৰ দাবীত চোকাপাৰা গাঁৱৰ পৰা পাল পাৰা লৈ প্ৰায় তিনি কিলোমিটাৰ পথ সমদল কৰি বাল্য বিবাহ বন্ধ কৰাৰ দাবী জনায় । ফকিৰাগ্ৰাম আৰক্ষী, স্বস্তি সেচ্ছাসেবী সংগঠন, গাওৰক্ষী বাহিনী আৰু মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰে এই সমদল । সোমবাৰে আবেলি অনুষ্ঠিত সমদলৰ জৰিয়তে বাল্য বিবাহ বন্ধ কৰক, শিশুক সুৰক্ষা দিয়ক আদি শ্লগান দি সমদল কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
