বৰপেটা, ৩০ ডিছেম্বৰ (হি.স.): হাউলীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি শুকুৰবাৰে আবেলি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত চূৰ্ণ বিচূৰ্ণ হৈ পৰে চাৰি চকীয়া বিলাসী বাহন হোণ্ডা আমাজে এখন । ৰাষ্ট্ৰীয় ঘাইপথৰ জাকৈ ধাবাৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
গুৱাহাটী দিশৰ পৰা অহা এএছ ০৬ টি ৬৯৫৮ নম্বৰৰ হোণ্ডা আমাজে বাহনখনে একে দিশেৰে গৈ থকা সন্মুখৰ এখন চাৰিচকীয়া বাহনত প্ৰচণ্ড জোৰে খুন্দামাৰি নিয়ন্ত্রন হেৰুৱাই পথৰ কাষত থকা ট্ৰাফিক লাইটৰ খুটাত খুন্দিয়াই পথৰ মাজত বাগৰি পৰে । দুৰ্ঘটনাত হোণ্ডা আমাজে বাহনখন সম্পুৰ্নৰূপে চুৰ্ন বিচুৰ্ণ হৈছে যদিও কথমপি প্ৰাণ ৰক্ষা পৰিছে বাহন খনৰ চলকৰ লগতে আন এগৰাকী যাত্ৰী । ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
