বাক্সা, ১৪ জানুৱাৰী (হি.স.): মাঘ বিহুৰ উৰুকা বুলি মাছ বজাৰত অগণন মানুহে পুৱাৰে পৰা ভিৰ কৰা দেখা গৈছে। একেদৰে বাক্সাৰ বৰমাৰা মাছ বজাৰতো মাছ বেপাৰী তথা গ্ৰাহকৰ উথপথপ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উৰুকাৰ নিশা পৰিয়ালৰ লগত আনন্দৰে এসাজ ভাত জুতিৰে খোৱাৰ লক্ষ্য়ৰে বৰমাৰা মাজ বজাৰত গ্ৰাহকসকলে ছিতল বৰালী আদি ভিন্ন প্ৰকাৰ মাছ লোৱা দেখা গৈছে।
ইফালে আজি বৰমাৰা মাছ বজাৰত আজি উৰুকা উপলক্ষে আবেলি ৫বজাত মাছ কিনা বেছাৰ বাবে বজাৰ কমিতিয়ে বহল ভাবে আয়োজন কৰিছে মাছৰ বজাৰ। বজাৰ কমিতিৰ সম্পদক জেহেৰুল ইছলামে কোৱামতে চৰকাৰে দিয়া নিৰ্দেশ মৰ্মেই মাছৰ দাম আদি নিৰ্ধাৰণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
