বাক্সা : বাক্সাৰ দক্ষিণ বকুৱা – জালাহ সংযোগী ২০০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ সাকোঁখনে এতিয়া গাওঁখনলৈ মাতিছে বিপদ। এই সাকোঁখনেৰে বিপদ সংকুল পৰিৱেশত নিতৌ অহা-যোৱা কৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে গাওঁবাসীয়ে। ৰোগীৰ বাবে আহিব নোৱাৰে ১০৮ এম্বুলেন্স সেৱা।জন প্ৰতিনিধি সকলে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচন গ”লে খবৰ লবলৈ উপস্থিত নহয় এগৰাকীও জন প্ৰতিনিধি ।এনেদৰে আজিকপতি বিপদ সংকুল পৰিৱেশত ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ত অহা-যোৱা কৰা পৰিলক্ষিত হয় ।
বিপদ সংকুল পৰিৱেশত আজিও বজাৰ সমাৰ তথা যাতায়ত অব্যাহত ৰাখে স্থানীয় ৰাইজে । সাকোঁৰ পৰা পৰি এগৰাকী লোকৰ মৃত্যু হয় আৰু বহু লোক আঘাত প্ৰাপ্ত হয় । সাকোঁৰে আজিও ৰোগীক হাতত ধৰি পাৰ কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হয়। বিগত বছৰত বানৰ সময়ত গৰ্ভৱতী মহিলাক প্ৰসৱৰ কৰাৰ বাবে কলৰ ভুৰত পাৰ কৰি হস্পিতাললৈ লৈ যোৱা হৈছিল।
নিৰ্বাচনৰ সময়ত হেজাৰ প্ৰতিশ্ৰুতি দিয়া ইউ পি পি এল চৰকাৰক তীব্ৰ সমালোচনা দুৰ্ভগীয়া ৰাইজৰ। ৰাইজৰ দাবী উক্ত স্থানত থকা সাকোঁখনৰ ঠাইত এখন কাঠৰ দলং নিৰ্মাণ কৰিবলৈ।
