যোৰহাট, ০৬ নৱেম্বৰ (হি.স.): জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকালৈ ভাৰতৰত্ন সুধাকণ্ঠ ড°ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা আগবঢ়োৱা হৈছে। মৰিয়নিৰ চেলেংহাটৰ উৰ উৰ অভ্ৰভেদী উৰ নামৰ এক অনুষ্ঠানে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু দিন টোক পালন কৰি আহিছে আস্থাৰ দিন হিচাবে।
দেওবাৰে নিশা সুধাকণ্ঠ গৰাকীৰ দ্বাদশ মৃত্যু তিথিৰ আস্থাৰ দিন শীৰ্ষক অনুষ্ঠানত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক প্ৰদান কৰে এই সোঁৱৰণী সমন্বয় বঁটা। চেলেংহাটৰ বৰনগঞা ৰংগমঞ্চত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত শিল্পীজনক বটা প্ৰদান কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
