কলকাতা, ০৬ নৱেম্বৰ (হি.স.)। ভাৰতীয় স্পিনাৰ কুলদীপ যাদৱে দেওবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫০টা উইকেট সম্পূৰ্ণ কৰে।
ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আই চি চি ক্ৰিকেট বিশ্বকাপৰ খেলৰ সময়ত কুলদীপে এই কৃতিত্ব অৰ্জন কৰে। খেলখনত কুলদীপে ৫.১ অভাৰত ৭ ৰানত দুটা উইকেট দখল কৰে। মাৰ্কো জনছন আৰু লুংগি এনগিডিৰ উইকেট লাভ কৰে।
কুলদীপে ১৩৮খন আন্তঃৰাষ্ট্ৰীয় মেচত ২২.৬২ৰ গড়ে ২৫০টা উইকেট দখল দখল কৰিছে আৰু তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন হৈছে ৬/২৫। আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ১৯ তম সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ তেওঁ। শীৰ্ষত আছে ৯৫৩টা উইকেটৰে স্পিনাৰ অনিল কুম্বলে।
কুলদীপে ৮খন টেষ্ট মেচত ৩৪টা উইকেট দখল কৰিছে, য’ত তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হৈছে ৫/৪০।
একে সময়তে তেওঁ ৯৮খন এদিনীয়া মেচত গড়ে ২৫.৪০ ৰে ১৬৪টা উইকেট দখল কৰিছে, য’ত তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন হৈছে ৬/২৫।
ইয়াৰ উপৰিও কুলদীপে ভাৰতৰ হৈ ৩২ খন টি-২০ মেচ খেলি ১৪.৫৭ গড়ে ৫২ টা উইকেট দখল কৰি ৫/২৪ ৰ সৰ্বোত্তম বলিং প্ৰদৰ্শন।
খেলখনৰ কথা ক’বলৈ গ’লে এই মেচত প্ৰথম বেটিং কৰা ভাৰতে ৫০ অভাৰত ৫ উইকেটত ৩২৬ ৰান সংগ্ৰহ কৰে।
ৰোহিত শৰ্মা (ছয় চাৰি আৰু দুটা ছয়ৰ সহায়ত ২৪টা বলত ৪০ ৰান) আৰু শুভমান গিল (২৪ বলত ২৩ ৰান চাৰিটা চাৰি আৰু এটা ছয়ৰ সহায়ত) ভাৰতক দ্ৰুত আৰম্ভণি কৰে। আউট হোৱাৰ পাছত বিৰাটে শ্ৰেয়াছ আয়াৰৰ সৈতে ইনিংছত নেতৃত্ব দিয়ে, শ্ৰেয়াছে ৭টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৮৭টা বলত ৭৭ ৰান সংগ্ৰহ কৰে।
সূৰ্যকুমাৰ যাদৱ (১৪টা বলত ৫টা চাৰিৰ সহায়ত ২২ ৰান) আৰু ৰবীন্দ্ৰ জাদেজাৰ (তিনি চাৰি আৰু এটা ছয়ৰ সহায়ত ১৫টা বলত ২৯* ৰান)ৰ দ্ৰুত বেটিঙে ভাৰতে ৩০০ ৰানৰ সীমাত উপনীত হোৱাত সহায় কৰে। একে সময়তে বিৰাট কোহলীয়ে নিজৰ অভিলেখ ৪৯ শতক অৰ্জন কৰি ১০১ ৰানৰ অপৰাজিত ইনিংছ খেলি সৰ্বাধিক এদিনীয়া শতক অৰ্জন কৰাৰ ক্ষেত্ৰত মহান শচীন টেণ্ডুলকাৰৰ সমতা স্থাপন কৰে।
দক্ষিণ আফ্ৰিকাৰ হৈ লুংগি এনগিডি, কাগিছ’ ৰাবাদা, মাৰ্কো জনছন, কেশৱ মহাৰাজ আৰু তবৰাইজ ছামছিয়ে এটাকৈ উইকেট দখল কৰে।
৩২৭ ৰানৰ লক্ষ্য খেদি খেদি দক্ষিণ আফ্ৰিকাই ২৭.১ অভাৰত মাত্ৰ ৮৩ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই ৫টা, কুলদীপ যাদৱ আৰু মহম্মদ শমীয়ে ২টাকৈ আৰু মহম্মদ চিৰাজে ১টা উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ মাত্ৰ মাৰ্কো জনছন (১৪), ৰাছি ভান ডেৰ ডাচেন (১৩), ডেভিদ মিলাৰ আৰু অধিনায়ক টেম্বা বাভুমাই (১১কৈ) ১০ ৰানৰ সীমা অতিক্ৰম কৰিব পাৰিছিল। শতকীয় ইংনিছৰ বাবে বিৰাটে লাভ কৰে ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা।
হিন্দুস্থান সমাচাৰ/সুনীল/অৰবিন্দ/মনোজ/
