গুৱাহাটী, ১৯ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সমাজকৰ্মী তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মদেৱৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
বড়ো সমাজৰ উত্থানৰ বাবে ব্ৰহ্মদেৱে গোটেই জীৱন অক্লান্তভাৱে কাম কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ জাতীয় জীৱনত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰ কৰি এখন শক্তিশালী সমাজৰ কল্পনা কৰিছিল। সাহিত্যৰ ক্ষেত্ৰতো তেওঁৰ অৱদান অতুলনীয় আছিল।
মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে তেখেতৰ মৃত্যু বাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
