
নগাঁও, ১৯ অক্টোবৰ (হি.স.): কাতি বিহুৰ নিশা নগৰাঁ জিলাৰ ৰূপহীহাটৰ কাৰীয়ানা দলংপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গুৰুত্বৰ আঁহত হয় পাঁচজনকৈ লোক । ইয়াৰ ভিতৰত সংকটজনক অৱস্থাত দুজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।
মটৰ চাইকেল আৰু মালবাহী চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা ঘটে।দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেলৰ নম্বৰ এএছ ০২ এডি ১০৪৩ হোৱাৰ বিপৰীতে চাৰিচকীয়া বাহন খনৰ নম্বৰ এএছ ১২ বিচি ১৯১৮ বুলি জনা গৈছে।ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
