গুৱাহাটী, ০১ জানুৱাৰী (হি.স.)। আলফা আৰু কেন্দ্ৰ চৰকাৰৰে হোৱা শান্তি চুক্তিৰ ফলত অসমীয়া জাতিৰ সুদূঢ়প্ৰসাৰী সুৰক্ষা নিশ্চিত হ’ল। বিশেষকৈ এই চুক্তিৰ ফলত এতিয়াৰে পৰা অসমীয়া জাতিৰ ৰাজনৈতিক সংৰক্ষণ সুনিশ্চিত হ’ব। –এই ভাষ্য মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ। আজি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠান ‘নতুন দিনৰ আলাপ’ত এই কথা সদৰী কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া জাতিয়ে পাব পৰা সৰ্বাধিক সংৰক্ষণ ব্যৱস্থা এই শান্তি চুক্তিত আছে। যোৱা ২৯ ডিচেম্বৰত আলফা আৰু ভাৰত চৰকাৰৰ মাজত সম্পাদিত শান্তি চুক্তিখনৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ২০২৩ চনত আটাইতকৈ জাতিটোৰ সুৰক্ষাৰ বাবে কাম হৈছে যদি সেয়া হৈছে সমষ্টি পুনৰনিৰ্ধাৰণ। ইফালে আলফা চুক্তিতো আলোচনাপন্থী আলফাই এই সমষ্টি পুনৰ নিৰ্ধাৰণক সমৰ্থন কৰাৰ লগতে অনাগত সময়ত যেতিয়াই সমষ্টি পুনৰনিৰ্ধাৰণ কৰা হ’ব অসমত কিন্তু একেই নীতি লৈ ভৱিষ্যতে সমষ্টি পুনৰনিৰ্ধাৰণ হয় সেই দাবী চুক্তিখনত আছে।
ইফালে সমষ্টি পুনৰনিৰ্ধাৰণৰ ফলত ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভিতৰত ৯৬ খন আখনে অসমীয়া লোকৰ বাবে সুৰক্ষিত হ’ল বুলিও মুখ্যমন্ত্ৰীয়ে আজি কয়। ইয়াৰ উপৰি বৰাকৰ ৮ টা সমষ্টিও থিক একেদৰে খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষিত হ’ল। গতিকে মুঠ ১০৬ টা বিধানসভা সমষ্টি আৰু কেইবাবছৰৰ বাবে খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষিত হৈ পৰিল। এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে। গতিকে এই সমষ্টি পুনৰনিৰ্ধাৰণৰ ফলত অসমীয়া জাতিৰ ৰাজনৈতিক সংৰক্ষণ সুনিশ্চিত হৈ পৰিল যিটো চুক্তিৰো মূল বিষয়। ইফালে এই চুক্তিৰ ফলশ্ৰুতিত এতিয়া পঞ্চায়ত তথা পৌৰ নিৰ্বাচনতো অবিচিৰ বাবেও সংৰক্ষণ থাকিব। ইফালে মুখ্যমন্ত্ৰীয়ে আজি কথা প্ৰসংগত কয় যে চৰকাৰে কেৱল জনজাতি ব্লক আৰু বেল্টেই নহয় অজনজাতি তথা সাধাৰণ শ্ৰেণীৰ লোকৰ বাবেও ব্লক আৰু বেল্ট গঠন কৰিব। কেৱল তেওঁ অসমীয়া লোক তথা খিলঞ্জীয়া হ’ব লাগিব। ইফালে অসমীয়া তথা খিলঞ্জীয়াৰ সংজ্ঞা চৰকাৰে কিদৰে নিৰ্ধাৰণ কৰিব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে যিসকল লোকে ২০০-৩০০ বছৰৰ পৰা অসমত আছে তেঁওলোকেই অসমীয়া তথা খিলঞ্জীয়া। মুখ্যমন্ত্ৰীয়ে লগতে আলফা(স্বা)নৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো আলোচনাৰ বাবে আহিবলৈ আহ্বান জনোৱাৰ লগতে তেঁওক বৰ্তমানৰ অসমৰ প্ৰকৃত সমস্যা কি সেয়া এবাৰ নিজে চাই যাবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে কয় যে পৰেশ বৰুৱা আৰু তেওঁৰ বহুবাৰ ফোনত কথাবাৰ্তা চলি থাকে যদিও এই কথাবাৰ্তাই কোনো ফলপ্ৰসূ ৰূপ লোৱা নাই। কিয়নো পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ কথা কয় আৰু চৰকাৰে ইয়াক দিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে আজি আৰু ৰাজ্যৰ কোনো লোকে সাৰ্বভৌমত্বৰ কথা কোৱা দেখা নাযায় সকলোৱে উন্নয়নৰ কথা কয়। এতিয়া অবৈধ অনুপ্ৰৱেশকাৰীহে অসমৰ মূল সমস্যা। গতিকে ৩০ বছৰ পূৰ্বৰ অসমখনৰ সমস্যা আৰু আজিৰ অসমৰ সমস্যা নিমিলে আৰু সেয়া এবাৰ অসমলৈ আহি পৰেশ বৰুৱাক নিজে চাই যাবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
