দৰং, ৩১ আগষ্ট (হি.স.)। মঙ্গলদৈত সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা। দুৰ্ঘটনা কৰি পলায়ন কৰে অচিনাক্ত বাহন। মঙ্গলদৈ ব্লক চ’কৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা ঘটে। এই পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় দুজন লোক।
আঘাতপ্ৰাপ্ত লোক দুজন মঙ্গলদৈ আৰেঙৰ মুক্তি দাস আৰু বামুন পাৰাৰ মনোজ শৰ্মা বুলি পৰিচয় পোৱা গৈছে। গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত মনোজ শৰ্মাক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰে চিকিৎসকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
