তামুলপুৰ, ২৫ জুন (হি.স.)। ৰাভা হাজং স্বায়ত্ত্ব পৰিষদৰ বাহিৰত বসবাস কৰা অসমৰ ১৭ খন জিলাৰ ৰাভা জনগোষ্ঠীৰ লোক সকলৰ উন্নয়নৰ বাবে ৰাভা উন্নয়ন পৰিষদ এখন গঠন কৰাৰ বাবে দাবী জনাই আহিছিল ৷ অসম চৰকাৰৰ কেবিনেটত ৰাভা হাজং স্বায়ত্ব পৰিষদ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহন কৰাত উৎফুল্লিত হৈছে ৰাভা জনগোষ্ঠীৰ লোক সকল।
তদুপলক্ষে তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থা, ৰাভা সাহিত্য সভা, ৰাভা উন্নয়ন পৰিষদ দাবী সমিতি, ৰাভা মহিলা পৰিষদকে আদি কৰি বিভিন্ন ৰাভা জাতীয় সংগঠনৰ অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক আঁদৰণি। মুখ্য মন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা, জনজাতীয় উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ পেগু, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক কৃতজ্ঞতা জ্ঞাপন আৰছু, ৰাভা সাহিত্য সভা, ৰাভা উন্নয়ন দাবী পৰিষদ সমিতিৰ
মুখ্য মন্ত্ৰীৰ ৰাভা উন্নয়ন পৰিষদ গঠনৰ সুদুৰ প্ৰসাৰী সিদ্ধান্তই ৰাভা জনগোষ্ঠীৰ লোক সকলৰ আৰ্থসামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশত অধিক আগুৱাই নিব বুলি মন্তব্য ৷ অসম চৰকাৰক শীঘ্ৰেই ৰাভা উন্নয়ন পৰিষদখন গঠন কৰি অধিক পেকেজ দিবলৈ আহ্বান।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
