– অংশগ্ৰহণ কৰিব আৰএছএছৰ সৰকাৰ্যবাহ দত্তত্ৰেয় হোছাবালে আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে
– পদ্ম ভূষণ ৰাম বাহাদুৰ ৰায় আৰু কে এন গোবিন্দাচাৰ্যই ৰাষ্ট্ৰৰ সৈতে ভাগ কৰিব নিজৰ অভিজ্ঞতা
– ‘সংবিধান হত্যা দিৱস’ত এই অনুষ্ঠানৰ সাক্ষী হ’ব ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কলা কেন্দ্ৰ
নতুন দিল্লী, ২৬ জুন (হি.স.)। জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে আজি (বৃহস্পতিবাৰে) ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত বহুভাষিক সংবাদ সংস্থা ‘হিন্দুস্থান সমাচাৰ’ৰ তত্বাৱধানত অনুষ্ঠিত হ’বলগীয়া মতাদৰ্শগত মহা কুম্ভৰ প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বিয়লি প্ৰায় ৪ বজাৰ পৰা আৰম্ভ হ’ব জৰুৰীকালীন অৱস্থাৰ ওপৰত মন্থনৰ ধুমুহা। ‘সংবিধান হত্যা দিৱস’ উপলক্ষে দেশৰ এই ‘নিষ্ঠুৰ সময়ছোৱা’ক লৈ আয়োজিত আলোচনা শৃংখলাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহকাৰ্যবাহ দত্তত্ৰেয় হোছবালে আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব। হিন্দুস্হান সমাচাৰৰ মুখ্য সমন্বয়ক ৰাজেশ তিৱাৰীয়ে এই তথ্য দিয়ে।
তেওঁ কয় যে এই মতাদৰ্শগত অনুষ্ঠানত জৰুৰীকালীন অন্ধকাৰ অধ্যায়ৰ পৰা পোৱা শিক্ষা আৰু বাৰ্তা কেন্দ্ৰীভূত কৰি আলোচনা আৰু বিলোচনা অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আই জি এন চি এ)ৰ অধ্যক্ষ তথা হিন্দুস্হান সমাচাৰৰ গোষ্ঠীৰ সম্পাদক পদ্ম ভূষণ ৰাম বাহাদুৰ ৰায়, ৰাষ্ট্ৰীয় স্বাভিমান আন্দোলনৰ প্ৰতিষ্ঠাপক সভাপতি কে এন গোবিন্দচাৰ্য আৰু জৰুৰীকালীন অৱস্থাত হোৱা অন্যায়ৰ সাক্ষীসকলৰ দৰে বিশিষ্ট চিন্তাবিদসকলে নিজৰ অভিজ্ঞতা ৰাষ্ট্ৰৰ সৈতে ভাগ-বতৰা কৰিব।
মুখ্য সমন্বয়ক তিৱাৰীয়ে জনোৱা মতে, এই সময়ছোৱাত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ তত্বাৱধানত ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত জৰুৰীকালীন অৱস্থাক কেন্দ্ৰ কৰি এখন প্ৰদৰ্শনী আৰু চুটি ছবি প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলে সেই সময়ৰ ৰাজনৈতিক আৰু সামাজিক বাস্তৱতাক জানিবলৈ আৰু বুজিবলৈ সুযোগ পাব। লগতে জৰুৰীকালীন অৱস্থাক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা হিন্দুস্হান সমাচাৰৰ পষেকীয়া আলোচনী ‘যুগৱাৰ্তা’ আৰু মাহেকীয়া আলোচনী ‘নভোত্থান’ৰ গুৰুত্বপূৰ্ণ বিশেষ সংখ্যাও উন্মোচন কৰা হ’ব।
তেওঁ কয় যে বাবা চাহেব ভীমৰাও আম্বেদকাৰে দিয়া সংবিধানৰ গুৰুত্বৰ বিষয়ে এই কাৰ্যসূচীত আলোচনা কৰা হ’ব। লগতে জৰুৰীকালীন সময়ত সংবিধানক একাষৰীয়া কৰি ৰখাৰ ঘটনা আৰু তাৰ পিছত সংবিধান পুনৰুদ্ধাৰ সন্দৰ্ভত মতামত দাঙি ধৰা হ’ব। এই অনুষ্ঠানত শিক্ষাবিদ, গৱেষক, বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু বিভিন্ন প্রতিষ্ঠানৰ বুদ্ধিজীৱীসকলৰ বৃহৎ সংখ্যক অংশগ্রহণ কৰিব৷
তিৱাৰীয়ে কয় যে ‘হিন্দুস্থান সমাচাৰ’ৰ সভাপতি অৰবিন্দ ভালচন্দ্ৰ মাৰ্ডিকাৰৰ সভাপতিত্বত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী। আইজিএনচিএৰ সদস্য সচিব ড° সচ্চিদানন্দ যোশীয়ে অতিথিসকলক আদৰণি জনাব । অনুষ্ঠানৰ শেষত ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ পৰিচালক আকাশ পাটিলে ধন্যবাদ জ্ঞাপন কৰিব। তেওঁ কয় যে মতাদৰ্শগত মন্হন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লগা প্ৰায় সকলো অতিথিয়ে দিল্লীত উপস্থিত হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
