হোজাই, ০৭ জুলাই (হি.স.)। শিলচৰ – লামডিং পাহাৰীয়া ৰেল খণ্ডত ভুমিস্খলনৰ বাবে বেঙ্গলুৰুৰ পৰা আগৰতলা অভিমুখী হামচফৰ ৰেল খন ডোটো হোজাইৰ পৰা লামডিং ষ্টেচনলৈ ওভতাই নিয়া হৈছে।
আন দুখন ৰেল এতিয়া মূপা আৰু ডিহাখাওৰ ওচৰৰ ষ্টেচনত আবদ্ধ কৰি ৰখা হৈছে।ৰেল বিভাগৰ তৰফৰ পৰা বৰ্তমান ৰেল লাইনটোত ৰেলৰ চলাচল সুচল কৰাৰ বাবে যুদ্ধকালীন ততপৰতাৰে কাম আৰম্ভ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
