ধুবুৰী, ১০ জানুৱাৰী (হি.স.)। ধুবুৰীৰ নিউ পানবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত দুজন ট্ৰাক চালক আৰু এজন হেণ্ডিমেন।
ঘন কুঁৱলীৰ ফলত পৰ্বতঝোৰাৰ বগৰিবাৰী থানাৰ নিউ পানবাৰীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হয়। ৰাতিপুৱা বগৰিবাৰীৰ পৰা ধুবুৰী অভিমুখে গৈ থকা ডব্লিউ বি ১৫ বি ৯৮৯৭ নম্বৰৰ মালবাহী ট্ৰাক এখন আৰু বিপৰীত দিশৰ পৰা অহা ডব্লিউ বি ৭৩ জি ৪৬০৭ নম্বৰৰ এখন মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত ট্ৰাক চালক দুজন আৰু এজন হেণ্ডিমেন গুৰুতৰ ভাবে আহত হয়।
আহত চালক দুজন আৰু হেণ্ডিমেন জনক ধুবুৰী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰিছে বুলি জানিব দিয়ে। ইতিমধ্যে বগৰিবাৰী আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
