ধুবুৰী, ৩০ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ বগৰিবাৰী উপ ডাক ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হৈছে । ডাক ঘৰৰ খিৰিকি ভাঙি ভিতৰত প্ৰৱেশ কৰে দুৰ্বৃত্তই। কোঠালীৰ ভিতৰত থকা কাগজ পত্ৰৰ লগতে সা-সামগ্রী লণ্ডভণ্ড কৰি পেলায় । গৌৰীপুৰ আঠানি আৰক্ষী চকীৰ গাতে লাগি থকা বগৰিবাৰী উপ ডাক ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগক লৈ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে।
জানিব দিয়া মতে আজি ৰাতি পুৱা ডাকোৱাল জনে কাৰ্য্যালয় খুলিব লওঁতে জুই জ্বলি থকা প্ৰত্যক্ষ কৰে। লগে লগে আঠানি আৰক্ষীক খবৰ দিয়াৰ আঠানি আৰক্ষীয়ে ঘটনস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অতিকৈ আশ্চৰ্য্যজনক কথাটো হৈছে আৰক্ষী চকীৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত দিন দূপুৰে এখন চৰকাৰী প্ৰতিষ্ঠান এখনত কেনেকৈ দুৰ্বৃত্তই অগ্নিসংযোগ কৰিবলৈ পালে তাকলৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনা স্থলীত ডাক পৰিদৰ্শক উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে আঠানি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
