নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে ১৮-১৯ অক্টোবৰত তৃতীয়বাৰলৈ আনুষ্ঠানিকভাৱে ওমান ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত তেওঁ ওমানৰ নেতৃত্ব আৰু গণ্যমান্য ব্যক্তিৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ’ব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আগন্তুক এই ভ্ৰমণে ভাৰত আৰু ওমানৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ ব্যাপক পৰ্যালোচনা আৰু বহুমুখী সম্পৰ্ক অধিক গভীৰ কৰাৰ পথ প্ৰশস্ত কৰিব।
এই ভ্ৰমণৰ সময়ত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে বিভিন্ন ভাৰতীয় সম্প্ৰদায়ৰ সংগঠন আৰু ওমানত বসবাস কৰা ভাৰতীয় জনগোষ্ঠীৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ ভিতৰত পেছাদাৰী, ব্লু কলাৰ পেছাদাৰী, স্বাস্থ্যসেৱা কৰ্মী, সমাজকৰ্মী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো অন্তৰ্ভুক্ত আছে।
হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ/অৰবিন্দ
