শ্ৰী ভূমি, ০৬ জুলাই (হি.স.)। বৰাক নৈৰ মাজভাগত বিকল হৈ পৰে ইঞ্জিন চালিত নাও এখন। ফলত উটি অহা নাওখনে নৈৰ পাৰত থকা আনখন নাওত খুন্দা মাৰে। এই ঘটনাত দৈব ক্ৰমে ৰক্ষা পৰে প্ৰায় শ শ যাত্ৰীৰ প্রাণ।
বৰাক নৈৰ উপৰত থকা গেমন দলঙ বন্ধ হোৱাৰ বাবে কাছাৰৰ কাটিগৰা চিদ্বেশৰ ফেৰী সেবা জিলা প্ৰসাশনৰ ফালৰ পৰা যাত্ৰী পাৰা পাৰ কৰাৰ বাবে আৰম্ভ কৰা হৈছিল। এতিয়ালৈকে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ফেৰী ঘাটত। ফেৰী ঘাটত আন এটা ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পঢ়িল প্ৰায় ষাঠি সত্তৰ জন যাত্ৰীৰ জীৱন। ফেৰী ঘাটত এটা ইঞ্জিন চালিত নাৱেৰে ষাঠিৰ পৰা সত্তৰজন যাত্ৰী লৈ ৰাওনা দিয়াৰ কিছু সময়ৰ পিছত নৈৰ মাজভাগত নাও খন বিকল হৈ পৰে। তেতিয়া নদীখনৰ প্ৰবল সোঁতে নাওখন ঘূৰাই নদীৰ পাৰলৈ আনে, ফলত নাওখন যাত্ৰীসহ নদীৰ পাৰত থিয় হৈ আছিল আনখন নাওত জোৰেৰে খুন্দা মাৰি এটা চাইড ৰেলিং ভাঙি দিয়ে। ফলত নাও দুখনত থকা যাত্ৰীসকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয় ।
বহুতো যাত্ৰীক নাওৰ পৰা জপিয়াই নদীৰ পাৰত নামি অহে। বহুদিন ধৰি আই .ডব্লিউ. টি বিভাগ পুৰণি ইঞ্জিন চালিত নাও ব্যবহাৰ কৰি যাত্ৰী পাৰ কৰি আহিছে। এনে ক্ষেত্ৰত যি কোনো সময়ত ডাঙৰ দুৰ্ঘটনাও হ’ব পাৰে বুলি দীৰ্ঘদিন ধৰি সাধাৰণ জনতাই শংকা প্ৰকাশ কৰি আহিছে । অৱশ্যে ভঙা নাওখন প্ৰায় এঘণ্টাৰ পিছত মেৰামতি কৰি পুনৰ ফেৰী সেৱা চালু কৰে জলপৰিৱহন বিভাগে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
