কোকৰাঝাৰ, ০২ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ ৮ নং দোতমা বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সেৰফাংগুৰী ভি চি ডি চিৰ সভাকক্ষত যোৱা কালি মঙলবাৰে বিয়লি ভাৰতীয় জনতা পাৰ্টীৰ এখন যোগদান সভা অনুষ্ঠিত হয়। এই সভাত সমষ্টিৰ অন্তৰ্গত বিভিন্ন দলৰ পৰা শতাধিক লোকে মনোৰঞ্জন ব্ৰহ্মৰ নেতৃত্বত বিজেপি দলত যোগদান কৰে।
দোতমা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আৰু বিজেপি দলৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে । নতুন কৈ যোগদান কৰা সকলক বিজেপি দলৰ গেৰুৱা গামোচা আৰু টুপী দি আদৰি লয় মনোৰঞ্জন ব্ৰহ্মই । বিজেপি দলৰ প্ৰতি আকৃষ্ট হোৱাত অহা দিনত বিজেপি দলৰ উন্নয়ন আৰু অগ্ৰগতি স্পষ্ট হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
