
বিশ্বনাথ, ৩০ ছেপ্টেম্বৰ (হি.স.): দূৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতেই বিহালীত যোৱাকালি সোমবাৰে বিয়লি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। বিহালীৰ আৰক্ষী থানাৰ অধিনৰ চেৰেলীয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰ হওতেই পথছাৰীৰ সৈতে বাইক চালকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাটোত আহত বাইক চালক আৰু পথছাৰী দুয়োজনকে সংকট জনক অৱস্থাত হস্পিটাললৈ প্ৰেৰণ কৰা হয়।
পথছাৰী কেশৱ ওৰাং (৪২ ) নামৰ যুৱকজনক কেথলিক হস্পিটাললৈ প্ৰেৰণ কৰা হয় যদিও যুৱকগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে । অন্যহাতে বাইক চালক ময়নুল হক (মৈৰাবাৰী ,লাহৰিঘাট থানা ) নামৰ যুৱক জনক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰা বাহক খনৰ নম্বৰ এএছ ২১ এম ৪৬৬২ বুলি জনা গৈছে । ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈছে তদন্ত অব্যাহত ৰাখিছে । মৃত যুৱক জনক মৰণোত্তৰ পৰীক্ষা বাবে বিহালী স্বাস্থ্য কেন্দ্ৰৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
