
আৰক্ষীয়ে নমাই নিলে পতাকা
কোকৰাঝাৰ, ২৭ জানুৱাৰী : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত অনুসূচীত জনজাতি সমিতিৰ আজৱ ঘটনা। পুৱা এছ চি কাৰ্যালয়ত ঠিকেই পতাকা উত্তোলন কৰিলে কিন্তু নমাবলৈ নাথাকিল মনত ।
গোসাঁইগাঁবত নিশা লৈ গোসাঁইগাঁৱৰ উত্তৰ পাৰা এছ চি কাৰ্যালয়ত উৰিল পতাকা। এছ চি কাৰ্যালয়ৰ সভাপতি- সম্পাদকে উত্তোলন কৰা পতাকা নমাবলৈ নাহিল কোনো। ৰাইজে পতাকা দেখি নিশা সাত বজাত জনালে আৰক্ষীক। অৱশেষত গোসাঁইগাঁও থানাৰ আৰক্ষীয়ে কাৰ্যালয়ৰ পতাকা নমাই নিলে। এই ঘটনাই সমগ্ৰ সমাজকে লজ্জিত কৰিছে।
