
কামৰূপ, ১০ নৱেম্বৰ (হি.স.): কামৰূপ জিলাৰ বকোৰ শাখাতিত যোৱাকালি বৃহস্পতিবাৰে আবেলি এক অঘটন ঘটে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰণৰ কৰ্মচাৰীৰ চৰম দায়িত্বহীনতাৰ বাবে এই অঘটন ঘটে।
বিদ্যুৎ কৰ্তন নকৰাকৈয়ে গছ কটা পৰিপ্ৰেক্ষিতত এডাল প্ৰকাণ্ড গছ ভাঙি উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত পৰি চিঙি যোৱাত কেইবাটাও পৰিয়ালৰ বাসগৃহত কম্পিউটাৰ, টিভি, লাইট, ফেন বিনষ্ট হয়। পথ সম্প্ৰসাৰণৰ নামত অতি বিপদজনকভাৱে কাম কৰাৰ অভিযোগ কৰ্তৃপক্ষৰ বিৰূদ্ধে ৷ যাৰ ফলতে এনে অঘটন সংঘটিত হৈছে বুলি মত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । কোনো ব্যৱস্থা নকৰাকৈ কাম কৰাক লৈ সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে লগতে উচিত ক্ষতিপূৰণ দিবলৈ ৰাইজে দাবী জনাইছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
