গোলাঘাট, ২১ অক্টোবৰ। গোলাঘাটৰ খুমটাইত নেদাৰলেণ্ডৰ এজন বিশেষ পৰ্যটকে মৌ পালনৰ ওপৰত আলোকপাত কৰে । মৌ পালনৰ সজাগতাৰ বাবে বিশেষ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিলে পৰ্যটক গৰাকীয়ে ।
যোগীবাৰী গ্ৰাম্য পৰ্য্যটন ক্ষেত্ৰত মৌ পালনৰ বিষয়ে এখন তথ্যসমৃদ্ধ সজাগতা মূলক সভা অনুষ্ঠিত কৰে । নেদাৰলেণ্ডৰ পৰা অহা মৌ বিশেষজ্ঞ জন এৰিভান বাৰকুম (Jan Arievan Berkum) য়ে সহজ-সৰল কৈ বিষয় সম্বন্ধে সাৰসমৃদ্ধ বক্তব্য প্ৰদান কৰে। এই সজাগতামূলক অনুষ্ঠানত উপস্থিত থাকি যথেষ্ট উপকৃত হয় মৌ পালক সকল । পৰিকল্পিতভাৱে ব্যৱসায়িক ক্ষেত্ৰত মৌ পালনে কেনেধৰণৰ ভূমিকা ল’ব পাৰে তাৰ বিষয়ে বিশদ আলোচনা আগবঢ়ায়। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে সমষ্টিটোৰ বহুকেইগৰাকী মৌ পালকে অংশ লয় এই অনুষ্ঠানত ।
