বাক্সা নিৰ্বাচনৰ প্ৰাকক্ষণত শালবাৰী জিলা বিপিএফত ব্যাপক খহনীয়া হোৱা দেখিবলৈ পোৱা গৈছে । শালবাৰী জিলা বিপিএফৰ সম্পাদক আব্দুল কাদেৰৰ লগতে কেইবাগৰাকীও কৰ্মীয়ে সোমবাৰে বিয়লি ইউপিপিএল দলত যোগদান কৰে ।
প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত ইউপিপিএলত যোগদান কৰে লোকসকলে। তেওঁলোকে কয় যে হাগ্ৰামা মহিলাৰী মানুহজন ভাল, কিন্তু দলৰ কিছুমান কৰ্মীয়ে কিছুমানক স্থান নিদিয়ে । আব্দুল কাদেৰৰ লগতে ২৩গৰাকী বিপিএফ কৰ্মীয়ে ইউপিপিএলত যোগদান কৰে । পৰৱৰ্তী সময়ত আৰু ১হাজাৰ বিপিএফ কৰ্মী ইউপিপিএলত যোগদান কৰিব বুলিও কয় । ইফালে কোকৰাঝাৰত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জয় নিশ্চিত বুলি ব্য়ক্ত কৰে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ।
