বিশ্বনাথ, ৩০ নৱেম্বৰ (হি স)। আজি ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বিশ্বনাথতো ড০ বাণীকান্ত কাকতি মেধা বঁটা বিতৰণ কাৰ্যসূচী ৰূপায়ণ হয় ৷ আজি বিশ্বনাথ জিলাৰ মেধা সম্পন্ন ৮০৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত স্কুটী বিতৰন কাৰ্যসূচী ৰূপায়ণ হয় ৷
প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিশ্বনাথ জিলাখনৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫% বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ–ছাত্ৰীক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী সমূহ বিতৰণ কৰা হয় । বিশ্বনাথ জিলাৰ বৰগাংস্হিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি দিনৰ ১১ বজাত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত স্কুটী বিতৰণৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকি স্কুটী বিতৰণ শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই । অনুষ্ঠানত বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত , গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
