নগাঁও, ১২ আগষ্ট (হি.স.): নগাঁও জিলাৰ কলিয়াবৰত পুনৰ হাতী- মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ। কলিয়াবৰ চাহ বাগিছাৰ বৰ লাইনত আজি পুৱতি নিশা সংঘটিত হয় এক ভয়াবহ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত নিজ ঘৰৰ চোতালতে গুৰুতৰভাৱে আহত হয় সংগীতা সেৰু নামৰ এগৰাকী যুৱতী।
আহত যুৱতী গৰাকীক স্থানীয় লোকে ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসলয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে যুৱতী গৰাকীক। কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা দুটাকৈ হাতীয়ে আক্ৰমণ কৰিছিল দূৰ্ভগীয়া সংগীতা সেৰো নামৰ যুৱতী গৰাকীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
