তিনিচুকীয়া, ২৬ অক্টোবৰ (হি.স.): বিশেষ পৰ্যালোচনাৰ বাবে তিনিচুকীয়াত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং। যোৱা কালি শনিবাৰে সন্ধিয়া তিনিচুকীয়া জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অসম আৰক্ষী আৰু ভাৰতীয় সেনাৰ মাজত এখন পৰ্যালোচনা বৈঠক অনুস্থিত হয়।
বৈঠকত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিত সিঙৰ লগতে ভাৰতীয় সেনা বহু কেইগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। সংবাদ মাধ্যমৰ আগত শেহতীয়াকৈ তিনিচুকীয়া জিলা খনত আলফা স্বাধীনৰ কাৰ্যকলাপ বৃদ্ধিৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে।
উল্লেখ্য যে তিনিচুকীয়া জিলাৰ কাকপথাৰস্থিত ভাৰতীয় সেনাৰ ১৯ গ্ৰেণেডিয়াৰ শিবিৰত ১৬ অক্টোবৰৰ মাজনিশা ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল । উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে কাকপথাৰ অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ।
স্থানীয় লোকৰ ভাষ্য অনুসৰি নিশা প্ৰায় ১২.৩০ মান বজাত প্ৰথমে হঠাৎ বোমা বিস্ফোৰণৰ দৰে শব্দ হয় । তাৰ পাছতে ক্ৰমান্বয়ে কেবাটাও বিস্ফোৰণৰ দৰে ভয়ংকৰ শব্দ শুনা পাইছিল স্থানীয় লোকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
