
বৰপেটা, ২৩ অক্টোবৰ (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াৰ তেল ডিফুৰ সন্মুখত যোৱা কালি বুধবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখনকৈ বাইকৰ মাজত মূখামূখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা ঘটে । এই দুৰ্ঘটনাত তিনিজনকৈ যুৱক গুৰুতৰ ভাৱে আহত হয়।
আহত তিনিওজন যুৱকক কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুজনৰ অৱস্থাত সংকটজনক বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত পতিত তিনিওজনৰ অৱস্থা সংকটজনক বুলি কোৱা গৈছে । আহত যুৱক কেইজন ক্ৰমে আমিনুল ইছলাম(১৯), আশাফুল ইছলাম (২৫) আৰু জাহিদুল ইছলাম(২২) বুলি পৰিচয় পোৱা গৈছে। দূৰ্ঘটনাত পতিত হোৱা বাইক দুখনৰ নম্বৰ ক্ৰমে এএছ ১৯ এফ ১৫৭৮ আৰু এএছ ২৮ ৯২২১ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
