চৰাইদেউ, ০১ আগষ্ট (হি.স.)। ৰাজ্যত চলি থকা অবৈধ বেলাৰ বিৰুদ্ধে উচ্ছেদ অভিযানত সমৰ্থন কৰিছে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই। এনে সময়তে এইবাৰ সোণাৰিতো উচ্ছেদ অভিযানৰ বাবে দাবী উত্থাপন কৰিলে টাই আহোম যুৱ পৰিষদে।
সোণাৰি নগৰত অবৈধ ভাৱে দখল কৰি থকা মাটি সমূহ উচ্ছেদ কৰি তাত উন্নয়নমূলক কামত ব্যৱহাৰৰ দাবী জনাইছে টাইপাই।
সোণাৰি নগৰৰ বিপিচি চুপাৰ মাৰ্কেটৰ সমীপত দহ বিঘাৰো অধিক চৰকাৰী মাটি অবৈধ দখল কৰি থকাৰ অভিযোগ কৰে টাইপাই। দীৰ্ঘদিন ধৰি অবৈধ দখলত থকা মাটি দখলমুক্ত কৰাৰ আহ্বান জনাইছে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
