হাফলং (অসম), ২০ জানুৱাৰী (হি.স.): ত্ৰয়োদশ উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদ(এনচিএইচএচি)ৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে মোহিত হোজাই। কাইলৈ দেওবাৰে পৰিষদৰ প্ৰথম বিশেষ অধিৱেশনত জিলা দণ্ডাধীশ সীমান্ত কুমাৰ দাসে নতুন অধ্যক্ষৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিব।
শনিবাৰে অধ্যক্ষ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন আছিল। কিন্তু মোহিত হোজাইৰ বাহিৰে আন কোনো মনোনয়ন পত্ৰ জমা দিয়া নাছিল। ফলত মোহিত হোজাই ত্ৰয়োদশ উত্তৰ কাছাৰ পাহাৰৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।
ডিমা হাছাৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসে কাইলৈ দেওবাৰে ত্ৰয়োদশ উত্তৰ কাছাৰ পাহাৰ স্ব-শাসিত পৰিষদৰ নতুন অধ্যক্ষৰ নাম ঘোষণা কৰিব। কালি শুকুৰবাৰে পৰিষদৰ অধ্যক্ষ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছিল।
তদুপৰি কাইলৈ বিজেপিৰ সংসদীয় দলৰ নেতা নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে ত্ৰয়োদশ উত্তৰ কাছাৰ পাহাৰ স্ব-শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ নাম অসমৰ ৰাজ্যপালৰ অনুমোদনৰ বাবে ৰাজভৱনলৈ প্ৰেৰণ কৰা হ’ব। যদি সকলো ঠিকে থাকে তেন্তে উত্তৰ কাছাৰ হিলছ স্ব-শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে পুনৰ দেবোলাল গাৰ্লোচা নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত।
ইফালে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত মোহিত হোজাইয়ে কয় যে অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ তেওঁৱেইহে দাখিল কৰিছে। গতিকে তেওঁ উত্তৰ কাছাৰ পাহাৰ স্ব-শাসিত পৰিষদৰ পৰৱৰ্তী অধ্যক্ষ। মোহিতে কয় যে অধ্যক্ষ পদটো নিৰপেক্ষতা বজাই ৰখাৰ বাবে। গতিকে পৰিষদৰ অধিৱেশনত তেওঁ নিৰপেক্ষতা বজাই ৰাখিব।
মন কৰিবলগীয়া যে উত্তৰ কাছাৰ পাহাৰ স্বায়ত্ত শাসিত পৰিষদৰ পশ্চিম মাইবাং আসনৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপি প্ৰাৰ্থী মোহিত হোজাইয়ে জয়লাভ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰুপম /মনোজ/অৰবিন্দ
