ধুবুৰী, ২২ জুন (হি.স.)। ধুবুৰী জিলাৰ বিলাসীপাৰাত পুনৰ এছটিএফ আৰু আৰক্ষীয়ে অপাৰেচন ঘোষ্ট ছীমৰ অভিযান চলাইছে। এই অভিযানত আন এজন ঘোষ্ট ছীমৰ মাষ্টাৰ মাইণ্ড ৰূপচান আলীক গ্ৰেপ্তাৰ কৰা হৈছে । বহুত দিনৰ পৰা আৰক্ষীৰ চকুত ধুলি দি আত্মগোপন কৰি আছিল ৰূপচান আলীয়ে ।
দীৰ্ঘদিনৰ পৰা আত্মগোপন কৰি থকা ৰূপচান আলীক চৰাঞ্চলৰ মায়াৰচৰ ৩য় খণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । এছটিএফ’ৰ সহযোগত বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলীক। আলীৰ পৰা মোবাইলৰ লগতে আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিছে। আলী দীৰ্ঘদিনৰে পৰা বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগ উঠিছে।
এছটিএফে আলীক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে গুৱাহাটীলৈ নি জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
