
লক্ষিমপুৰ, ১৮ অক্টোবৰ (হি.স.): ৰাজ্যজুৰি মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতিৰ সমান্তৰাল ভাৱে লক্ষিমপুৰতো স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। স্বাধীনতা আন্দোলনত কেনেকৈ গৈছিল বা স্বাধীনতাৰ আন্দোলনত জৰিত আছিল সেই সংগ্ৰামীসকলৰ ফটো সন্নিবিষ্ট কৰা হৈছে পূজা মণ্ডপত।
লক্ষিমপুৰ জিলাৰ গোপী নগৰ কলনীত দেশৰ হকে প্ৰাণ আহুতি দিয়া বৰেণ্য় ব্যক্তিৰ প্ৰতিচ্ছবি অংকন কৰি নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপত। স্বাধীনতাৰ সংগ্ৰামী নেতা বীৰ লাচিত সেনা, মূলা গাভৰু, কমলা মিৰি, আনন্দৰাম বৰুৱা, পিয়লি ফুকন, কুশল কোঁৱৰ, গোপীনাথ বৰদলৈ, কনকলতা বৰুৱা আদি বহু লোকৰ ফটোৰ সৈতে সন্নিৱিষ্ট কৰি দুৰ্গা পূজাক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। নৱ প্ৰজন্মৰ দেশৰ হকে প্ৰাণ আহুতি দিয়া সকলক চিনাকি দিয়াৰ প্ৰয়াস কৰি এই পূজা মণ্ডপ নিৰ্মাণ কৰিছে লক্ষিমপুৰত।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
