বাক্সা, ০২ আগষ্ট (হি.স.): বাক্সা গোৰেশ্বৰৰ শুৱাগপুৰ ঔবাৰীত বিজেপিৰ নিৰ্বাচনী সভা। বিটিচি নিৰ্বাচনৰ পূৰ্বে প্ৰত্যেক ৰাজনৈতিক দলেই তৎপৰ হৈ পৰিছে। প্ৰত্যেক দলেই চলাইছে নিৰ্বাচনী কুচ-কাৱাজ। সমান্তৰাল ভাৱে বিজেপি দলেও ৰাইজৰ পদূলিয়ে পদূলিয়ে দিনে নিশাই চলাইছে নিৰ্বাচনী প্ৰচাৰ সভা।
যোৱাকালি বিয়লি তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ শুৱাগপুৰ ঔবাৰীত নামঘৰ প্ৰাঙ্গনত বিজেপিৰ নিৰ্বাচনী সভাৰ লগতে সমান্তৰাল ভাৱে অনুস্থিত হৈছে বৃহৎ যোগদান কাৰ্যসূচী। নিৰ্বাচনী প্ৰচাৰ সভাত উদ্বোধনী ভাষন প্ৰসঙ্গত তামুলপুৰ জিলা সভাপতি কয় বিটিচিত বিজেপিৰ বাহিৰে কোনো বিকল্প শক্তি নাই। সকলো জাতি-জনগোষ্ঠীৰ হৈ বিটিচিত কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ বিজেপি। ভাৰতীয় জনতা পাৰ্টীৰ উদ্দেশ্যে হৈছে অঞ্চলটো উন্নয়ন কৰা।বিজেপিয়ে ভোটৰ অংকৰ বাবে চৰকাৰী আঁচনি সৃষ্টি কৰা নাই।
সমাজৰ প্ৰথম শ্ৰেণীৰ ব্যক্তিৰ পৰা একেবাৰে শেষৰ জন ব্যক্তিৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাই হৈছে বিজেপি চৰকাৰৰ উদ্দেশ্য। উক্ত সভাত উপস্থিত থাকে শুক্লাই চেৰফাং সমষ্টিৰ পাৰিষদ ৰনেন্দ্ৰ নাৰ্জাৰী, তামুলপুৰ জিলা সভাপতি ভিক্টৰ কুমাৰ দাস, শুক্লাই চেৰফাং মণ্ডলৰ সভাপতি চত্ৰ সিং চৌধুৰী লগতে যুৱ নেতা প্ৰদীপ বসুমতাৰী আৰু পাচ শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
