দেওঘৰ, ০২ আগষ্ট (হি.স.)। শাৱন মাহত দেওঘৰৰ বিশ্ববিখ্যাত বাবা বৈদ্যনাথ ধামত নিৰন্তৰ ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে।
শনিবাৰে পুৱা ০৪:০৯ বজাত মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে জলাভিষেক পৰ্ব আৰম্ভ হয়।
জিলা প্ৰশাসনৰ তথ্য অনুসৰি শাওন মেলাত এই পৰ্যন্ত মুঠ ৪৪ লাখ এক হাজাৰ ৮৫ গৰাকী ভক্তই বাবা বৈদ্যনাথৰ জলাভিষেক কৰিছে। দেশৰ লগতে বহিঃৰাজ্যৰ চুকে-কোণে ভক্তসকলেও ভোলেনাথৰ জলাভিষেক আগবঢ়াবলৈ আহিছে।
কাৱৰীয়াই চুলতাংগঞ্জৰ পৰা পানী লৈ ১০৫ কিলোমিটাৰ খোজকাঢ়ি দেওঘৰৰ বাবা বৈদ্যনাথ ধামত উপস্থিত হৈ জল আগবঢ়ায়।
কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা-
এছ পি অজিত পিটাৰ ডুংডুঙে কয় যে দেওঘৰৰ প্ৰতিটো কোণত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বাবা বৈদ্যনাথ ধামত অৱস্থিত সমগ্ৰ মেলা এলেকাত দণ্ডাধীশ আৰু আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। নিৰাপত্তাৰ বাবে মেলা এলেকাত এ টি এছ, জিলা বাহিনী, চি আৰ পি এফ, এন ডি আৰ এফৰ দল প্ৰতিনিধি উপস্থিত আছে।
দানৰ বাকচত উদ্ধাৰ নেপালী আৰু আমেৰিকান ডলাৰ-
মন্দিৰ প্ৰশাসনৰ তত্বাৱধানত বাবা মন্দিৰ চৌহদত অৱস্থিত ১৮টা দান বাকচ খোলা হয়। গণনাৰ অন্তত দান বাকচৰ পৰা মুঠ ১৮,৯২,০৪৭ টকা উপাৰ্জনৰ উপৰিও নেপালৰ নগদ ধন আৰু আমেৰিকান ডলাৰ অনুদান হিচাপে লাভ কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
