নতুন দিল্লী, ০২ আগষ্ট (হি.স.)। ৰিয়াধত অনুষ্ঠিত ই-স্প’ৰ্টছ বিশ্বকাপৰ দবা ইভেণ্টৰ ফাইনেলত শুকুৰবাৰে আলিৰেজা ফিৰৌজজাক পৰাস্ত কৰি মেগনাছ কাৰ্লছেনে নিজৰ জোলোঙাত আন এক ট্ৰফী সংযোজন কৰে।
কাৰ্লচেনে নিজৰ প্ৰতিদ্বন্দ্বীক আউটপ্লে কৰি মুঠ চাৰিটা জয়, দুটা ড্ৰ আৰু এটা পৰাজয়ৰ স্ক’ৰ কৰে।
প্ৰথম ছেটত নৰৱেৰ খেলুৱৈগৰাকীয়ে উজ্জ্বল খেল প্ৰদৰ্শন কৰি এটা জয় আৰু দুটা ড্ৰ’ত জয়লাভ কৰি স্ক’ৰ ৩-১ কৰি নিজৰ অগ্ৰগতি সুদৃঢ় কৰে। দ্বিতীয় ছেটলৈ যোৱাৰ পূৰ্বে ফিৰৌজজাৰ পাল্টা আক্ৰমণৰ ফলত কাৰ্লচেনে ৫০টা খোজৰ পিছত ভুলকৈ নিজৰ ৰুক খেলিছিল আৰু ফিৰৌজাই ছিৰিজৰ একমাত্ৰ জয় লাভ কৰিছিল।
দ্বিতীয়খন খেলত কাৰ্লচেনে উভতি আহি ফিৰৌজজাক নিজৰ চিন্তাশীল খেলেৰে কঠিন যুঁজ দিছিল। ফিৰৌজজাই হেঁচাত পৰা যেন লাগিল, আৰু প্ৰতিদ্বন্দ্বীতকৈ অধিক সময় নষ্ট কৰিলে।
তৃতীয়খন খেলত ফিৰৌজজাৰ ভুলৰ ফলত শৃংখলাটো ২-১ ব্য়ৱধানত পৰিণত হয়, আৰু কাৰ্লচেন মেচ পইণ্টত আছিল। ইয়াৰ পিছতে কাৰ্লচেনে ফিৰৌজজাৰ দুৰ্বল আৰম্ভণিৰ সুযোগ লৈ অৱশেষত মাত্ৰ দুটা ছেটত ফ্ৰান্সৰ গ্ৰেণ্ডমাষ্টাৰগৰাকীক পৰাস্ত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
