বাক্সা, ১৩ জানুৱাৰী (হি স)। হেপাঁহৰ ভোগালী বিহুলৈ মাজত মাথো এটা দিন । ৰাজ্যজুৰি চলিছে ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি । বাক্সা জিলাৰ বৰমাৰ পশ্চিম আলাগজাৰত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি চলিছে ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি ।
পশ্চিম আলাগজাৰবাসী ৰাইজে এইবাৰ নিৰ্মান কৰি উলিয়াইছে মহা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিৰে ভেলাঘৰ। আটক ধুনীয়াকৈ বাহ আৰু খেৰেৰে সজাই তোলা হৈছে মহা মৃত্যুঞ্জয় মন্দিৰ ।
প্ৰতিবছৰৰ দৰে এইবেলিও পশ্চিম আলাগজাৰৰ ৰাইজে উলহ মালহেৰে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে। ৰাজ্যজুৰি ভোগালী বিহু আদৰাক লৈ পাৰভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে। ইফালে যদি পিঠা পোনা বনোৱাত চলিছে আযোজন আনফালে ভেলাঘৰ সমূহ বিভিন্ন ধৰনে সজাত ব্যস্ত প্ৰতিজন অসমীয়া। ভোগালী বিহুলৈ মাজত মাত্ৰ আজিৰ দিনটো বাকী অতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে ভেলাঘৰ সমূহ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
