
কামৰূপ, ২৩ নৱেম্বৰ (হি.স.): উত্তৰ গুৱাহাটী লেঙাত যোৱা কালি শনিবাৰে বিয়লি সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন ছাত্ৰৰ মৃত্যু হয়। নৈৰ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত নিহত হয় দ্বীপেন কলিতা (১৭) নামৰ ছাত্ৰজন । উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ দ্বীপেন কলিতাই চাংসাৰী কলেজত পৰীক্ষা দি উভতাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো ।
উত্তৰ গুৱাহাটী লক্ষ্যধৰ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ আছিল দ্বীপেন কলিতা । ১৭ বছৰীয়া মেধাবী ছাত্ৰ জনৰ ঘৰ কুৰুৱাত আছিল। তীব্ৰবেগী ট্ৰেক্টৰে লেঙা চকত মহতিয়াই নিছিল ছাত্ৰজনক । দুৰ্ঘটনাগ্ৰস্ত ছাত্ৰজনক উত্তৰ গুৱাহাটী জি এন আৰ চিলৈ নিয়া হৈছিল যদিও মৃত্যু হয় ছাত্ৰ জনৰ।
ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰসহ চালকক বাইহাটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ট্ৰেক্টৰখনৰ মালিক শুক্তাগুৰিৰ নিতুল আলী বুলি জনা গৈছে। নৈৰ বালিমাটি কঢ়িয়াই তীব্ৰ বেগত আহিছিল ট্ৰেক্টৰখন ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
