
কামৰূপ, ১৮ জুলাই (হি.স.)। বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় শুৱালকুছি কলা মহোৎসৱ। নটৰাজ কলা কেন্দ্ৰ আৰু ৰিৱি আন্তৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত ১৬ আৰু ১৭ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে শুৱালকুছি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় শুৱালকুছি কলা মহোৎসৱ।
মহোৎসৱৰ লগত সংগতি ৰাখি ২০২৫ বৰ্ষৰ শুৱালকুছি কলা শিৰোমণি বঁটা, শুৱালকুছি কলা সন্মান আৰু শুৱালকুছি গ্ৰাম্য সূৰ্য্য বঁটা প্ৰদান কৰা হয় । এই কলা মহোৎসৱত ৰাজ্যৰ লগতে পঞ্জাৱৰ ভাংৰা নৃত্য, বিহাৰৰ ষট পূজা নৃত্যৰ প্ৰদৰ্শনে উপস্থিত ৰাইজক আপ্লুত কৰে। আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৃত্যৰ দলেও অংশগ্ৰহণ কৰি নিজ ৰাজ্যৰ কৃষ্টি সাংস্কৃতিক দাঙি ধৰে শুৱালকুছি কলা মহোৎসৱত।
অসমৰ সত্ৰীয়া নৃত্যৰ লগতে খোলবাদন আৰু শ্ৰীলংকাৰ পৰা অহা এটি দলেও শুৱালকুছি কলা মহোৎসৱত অংশগ্ৰহণ কৰি শ্ৰীলংকাৰ থলুৱা নৃত্য প্ৰদশৰ্ন কৰি উপস্থিত ৰাইজক আকৃষ্ট কৰে। এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি ৰাজ্যৰ কেইবা গৰাকী লোক শিল্পীক বঁটা প্ৰদান কৰে। আন্তৰাষ্ট্ৰীয় লোক শিল্পী ৰঞ্জিত গগৈক শুৱালকুছি কলা শিৰোমণি সন্মান বঁটা প্ৰদান কৰা হয়। একেদৰে সংগীত নাটক একাডেমি বিচমিল্লা খা যুৱ পুৰস্কাৰে প্ৰাপ্ত ডিম্পি ৰাণী বৈশ্যক শুৱালকুছি কলা সন্মান প্ৰদান কৰে। লগতে বিশিষ্ট সমাজ কৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থক শুৱালকুছি গ্ৰাম্য সূৰ্য্য বঁটা প্ৰদান কৰা হয়
আনহাতে , শুৱালকুছি কলা মহোৎসৱৰ লগত সংগতি আয়োজন কৰা নৃত্য প্ৰতিযোগিতাৰ প্ৰতিযোগী সকলকো পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মূখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ লগতে কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
