
বৰপেটা, ১৫ নৱেম্বৰ (হি.স.): বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী দুৰ্গা মন্দিৰ প্ৰাংগণত তিনিদিনীয়াকৈ পাকাবেতবাৰী যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত শ্যামাপূজা আৰু দীপাৱলী উৎসৱ মঙলবাৰে সন্ধিয়া সমাপ্ত হয়।
দীপাৱলী উপলক্ষে ১২ নৱেম্বৰত ক্ৰমে ছাফাই কাম, পতাকা উত্তোলন,আবেলি কবিতা আবৃতি, প্ৰতিমা আনয়ন, বন্তি প্ৰজ্বলন আৰু সন্ধিয়া আঁতজবাজী প্ৰদৰ্শন কৰে হাউলীৰ এইচ. দাস এণ্ড ছনচ, টিভিএছৰ স্বত্বাধিকাৰী হিতেন্দ্ৰ দাসে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, কেইবাজনো বিজেপিৰ নেতৃবৃন্দ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকল। নিশা অডিও ট্ৰেকৰ দ্বাৰা গীত পৰিৱেশন, স্থানীয় শিল্পীৰ দ্বাৰা নৃত্য প্ৰতিযোগীতা অনুষ্ঠিত হয়। ১৩ নৱেম্বৰত ক্ৰমে প্ৰসাদ বিতৰণ, ছাফাই কাম, ৰয়েল মিছন একাডেমীৰ সৌজন্যত বিভিন্ন ধৰণৰ খেল-ধেমালী, মুকলি কুইজ, মহিলাসকলৰ দ্বাৰা বিভিন্ন খেল-ধেমালী প্ৰতিযোগিতা আৰু কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত থিয়েটাৰৰ দ্বাৰা নাট মঞ্চস্থ আৰু ১৪ নৱেম্বৰে সন্ধিয়া প্ৰতিমা বিসৰ্জন দিয়া হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
