গুৱাহাটী,০৯ নৱেম্বৰ(হি.স.)। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ঘটা অস্বাভাৱিক মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা ৭ অভিযুক্তৰ আজি ন্যায়িক জিম্মাৰ ম্যাদ উকলিব। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিনৰ ভাতৃ সন্দীপন গাৰ্গৰ লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী কাৰাবন্দী হৈ আছে বাক্সা কাৰাগাৰত।
অন্য দুই অভিযুক্ত ক্ৰমে শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত কাৰাবন্দী হৈ আছে হাফলং কাৰাগাৰত। আজি বিয়লিলৈ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৭ অভিযুক্তৰ শুনানী প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, আদালতত হাজিৰ কৰোৱাৰ পৰিৱৰ্তে কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ সহায়েৰে শুনানী প্ৰক্ৰিয়াৰ আয়োজন কৰা হৈছে। ইয়াৰ পূৰ্বে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিনৰ দুই দেহৰক্ষীৰ লগতে শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
