গোলাঘাট, ০৭ ডিছেম্বৰ (হি স)। ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাট ৷ বনৰীয়া হাতীৰ আক্ৰমণত এইবাৰ বোকাখাতত প্ৰাণ গ’ল এজন লোকৰ ৷ পকা শালিধানৰ খেতি অনিষ্ট কৰা হাতী খেদিবলৈ গৈ প্ৰাণ গ’ল গাঁওৰক্ষী বাহিনীৰ এজন সদস্যৰ ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ সমীপৰ আহোম গাঁৱত সংঘটিত হয় এই লোমহৰ্ষক ঘটনা ৷ বুধবাৰে নিশা পকা শালিধানত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধিবৰ বাবে কাজিৰঙাৰ বনৰক্ষীৰ সৈতে খেদিবলৈ যোৱা অৱস্থাত এই ঘটনা সংঘটিত হয় ৷
ঘটনাত গাঁওৰক্ষী বাহিনীৰ সদস্য বগাই ওৰাং হাতীৰ আক্ৰমণত নিহত হয় ৷ কাজিৰঙাৰ বনৰক্ষী লগত আছিল যদিও সময়ত গুলী নুফুটোৱাৰ বাবেই বনৰীয়া হাতীয়ে আক্ৰমণ কৰি বগাই ওৰাঙক আক্ৰমণ কৰি নিহত কৰে ৷ এই ঘটনাৰ পিছতে উত্তেজিত ৰাইজে অগৰাতলীৰ বনাঞ্চলিক কাৰ্যালয় ঘেৰাও কৰি ক্ষোভ উজাৰে ৷ পৰিস্থিতি অধিক ভয়াবহ হোৱাত ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
