গোৱালপাৰা, ০৭ অক্টোবৰ (হি.স.)। গোৱালপাৰাৰ কৃষ্ণাই আৰক্ষীৰ বৃহৎ সফলতা ৷ গোৱালপাৰাৰ পাইকানৰ পৰা হাইজেক হোৱা ৰৱৰ ভৰ্তি বাহনসহ ৬ জন দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ ৷ অসম-মেঘালয় সীমান্তৰ ভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হই ডকাইত কেইজনক। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আৰক্ষীৰ অভিযানত আটক হল ৬ দুৰ্ধষ ডকাইত ৷ আৰক্ষীয়ে উদ্ধাৰ কৰিব সক্ষম হই ৰবাৰৰ চিট সহ ব’লেৰো বাহন৷
অসম-মেঘালয় সীমান্তৰ ডাইনাডুবীৰ লগতে আগিয়া,দুধনৈ আৰু কৃষ্ণাইৰ পৰা আৰক্ষীয়ে অভিয়ান চলাই হিলস্মাৰ্ট চাংমা,ৰাহুল ইছলাম,কালাম শ্বেখ,জ্যোতিষ ৰায়,আৰছাদ আলী আৰু ফজল আলীক গ্ৰেপ্তাৰ কৰিব সক্ষম হয় ৷
আৰক্ষীয়ে সংবাদ মাধ্যমক অবগত কৰা অনুসৰি এই ৬ ডকাইতে গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল৷ উল্লেখযোগ্য যে এমাহ পুৰ্বৰে কৃষ্ণাইৰ পাইকানৰ খেৰমোহৰাৰ পৰা এই দলটোয়ে ৰাবাৰ ভৰ্ত্তি বাহন খন হাইজেক কৰি গাড়ী চালক আৰু কৰ্মচাৰীক মাৰধৰ কৰি সীমান্তত পেলাই থৈ গৈছিল৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্তত অব্যাহত ৰাখিছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
