নতুন দিল্লী, ০৭ ডিছেম্বৰ (হি.স.)। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় দলীয় বৈঠক। এই বৈঠকত ৰাজস্থান, ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম সন্দৰ্ভত আলোচনা কৰা হৈছে। সংসদৰ বালযোগী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা, নীতিন গাডকাৰী, জিতেন্দ্ৰ সিংকে ধৰি বহু কেন্দ্ৰীয় মন্ত্ৰী-সাংসদ উপস্থিত থাকে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোডীক তিনিওখন ৰাজ্যতে ঐতিহাসিক বিজয়ৰ বাবে এক বৃহৎ আদৰণি জনোৱা হয়। সাংসদসকলে তেওঁক বিজয়ৰ বাবে অভিনন্দন জনায়।
এই বৈঠকটোও গুৰুত্বপূৰ্ণ কাৰণ ইয়াত ৰাজস্থান, ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নামত চূড়ান্ত সিদ্ধান্ত ল’ব পৰা যায়। ইয়াৰ বাবে এনে পৰ্যবেক্ষক নিৰ্বাচিত কৰা হ’ব যিয়ে এই ৰাজ্যসমূহত বিধায়িনী দলৰ বৈঠকৰ সৈতে সমন্বয় সাধন কৰিব।
হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/মনোজ
