বৰপেটা, ০৪ ডিচেম্বৰ(হি.স.)। নেতৃত্ব প্ৰদান কৰি বৰপেটা জিলা ভ্ৰমণ কৰে। মহিলাৰ সুৰক্ষা আৰু সৱলীকৰণৰ সৈতে জড়িত বিষয় সমূহত জনসচেতনতা বৃদ্ধি আৰু মহিলা সকলৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে এই সমাৱেশ অনুষ্ঠিত কৰা হৈছিল।
অধ্যক্ষ গৰাকীয়ে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত একাংশ মহিলা সংগঠনৰ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত বৈঠকৰ সভাপতিত্ব কৰে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আয়োজিত বৈঠকত জিলা খনৰ গুৰুত্বপুৰ্ণ বিভাগ আৰু প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰী আৰু প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।
বৈঠকত মহিলা সকলে সন্মুখীন হোৱা ডাঙৰ প্ৰত্যাহ্বান সমূহৰ ওপৰত আলোকপাত কৰে অধ্যক্ষ আঙুৰলতা ডেকাই। তেও উল্লেখ কৰে, মহিলা সকলে সীমিত আইনী সাহায্য সুবিধা, মহিলা ক্ষেত্ৰত গ্ৰহণ কৰা চৰকাৰী নিটিৰ সমন্বয়ৰ ব্যৱধান, উপলব্ধ সেৱা আৰু সুৰক্ষাৰ প্ৰতি অপৰ্যাপ্ত সজাগতা আদিও অন্তৰ্ভুক্ত।
জিলা আৰু ব্লক পৰ্যায়ত মহিলা কোষ স্থাপনৰ প্ৰয়োজনীয়তা, আৰক্ষী আৰু আদালতৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ আগতীয়া হস্তক্ষেপ ব্যৱস্থা শক্তিশালী কৰা আৰু লিংগভিত্তিক হিংসাৰ সৈতে মোকাবিলা কৰাৰ প্ৰচেষ্টাত পুৰুষৰ অধিক অংশগ্ৰহণক প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰে।
সভাত জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝা, জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক, অতিৰিক্ত জিলা উপায়ুক্ত, সহকাৰী আয়ুক্ত, ব্লক উন্নয়ন বিষয়া, পৌৰসভাৰ ব’ৰ্ডৰ অধ্যক্ষ, আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, আইচিডিএছ প্ৰকল্পৰ চিডিপিঅ’, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
বৈঠকৰ অন্তত অধ্যক্ষ গৰাকীয়ে বৰপেটা জিলা প্ৰশাসনৰ সহযোগত অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আয়োজিত জিলা সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত আশা কৰ্মী, অংগনবাড়ী কৰ্মী, আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
তেও মহিলা সকলক সজাগ হৈ থাকিবলৈ আৰু হিংসা বা দুখ-কষ্টৰ গোচৰ পলম নকৰাকৈ ৰিপৰ্ট কৰিবলৈ আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও তেও মত বিনিময় কৰে, তেওঁলোকক বৈষম্যমূলক প্ৰথাৰ বিৰুদ্ধে মাত মাতিবলৈ, সামাজিক নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাবলৈ উৎসাহিত কৰিছিল।
পিছত অধ্যক্ষ ডেকাই সখী ৱান ষ্টপ চেণ্টাৰ পৰিদৰ্শন কৰে, ইয়াৰ কাম-কাজ আৰু সেৱা প্ৰদানৰ পৰ্যালোচনা কৰে। তেওঁ উন্নত সমন্বয়, সময়োপযোগী সঁহাৰি ব্যৱস্থা, আৰু সম্প্ৰদায়ৰ প্ৰসাৰ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
